Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 143

গীত 143:4-8

Help us?
Click on verse(s) to share them!
4সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
5মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
6মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। চেলা
7হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
8ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।

Read গীত 143গীত 143
Compare গীত 143:4-8গীত 143:4-8