2তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
3তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! চেলা
4হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।