19হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।
20তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে।
21হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?