2দেৱতাবোৰেও ঈশ্বৰৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
3প্ৰভুসকলৰো প্ৰভুৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
4যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
5যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
6যি জনাই জল সমূহৰ ওপৰত ভূ-মণ্ডল বিস্তাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
7যি জনাই মহা জ্যোতিবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
8দিনৰ ওপৰত অধিকাৰ কৰিবলৈ সূৰ্য নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
9যি জনাই ৰাতিৰ ওপৰত অধিকাৰ কৰিবলৈ চন্দ্ৰ আৰু তৰাবোৰ নিৰ্ম্মাণ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।