Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 136

গীত 136:17-25

Help us?
Click on verse(s) to share them!
17যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
18যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
19যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
20যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
21যি জনাই তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
22যি জনাই তেওঁলোকৰ দেশ নিজ দাস ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
23যি জনাই আমাৰ হীন অৱস্থাত আমাক সুঁৱৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
24যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
25যি জনাই সমুদায় প্ৰাণীকে আহাৰ দিয়ে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

Read গীত 136গীত 136
Compare গীত 136:17-25গীত 136:17-25