Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 136

গীত 136:14-20

Help us?
Click on verse(s) to share them!
14যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
15যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
16যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
17যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
18যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
19যি জনাই ইমোৰীয়াবোৰৰ ৰজা চীহোনক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
20যি জনাই বাচানৰ ৰজা ওগক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

Read গীত 136গীত 136
Compare গীত 136:14-20গীত 136:14-20