11যি জনাই ইস্ৰায়েলক তেওঁলোকৰ মাজৰ পৰা উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
12যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
13যি জনাই চূফ সাগৰক দুভাগ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
14যি জনাই ইস্ৰায়েলক তাৰ মাজেদি পাৰ কৰালে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
15যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
16যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
17যি জনাই মহান ৰজাসকলক প্ৰহাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
18যি জনাই প্রতাপী ৰজাসকলক বধ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।