15জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।