1হে যিহোৱা, তুমি দায়ুদৰ পক্ষত থাকি তেওঁ সহন কৰা সকলো ক্লেশ সোঁৱৰণ কৰা;
2তেওঁ কেনেকৈ যিহোৱাৰ ওচৰত শপত খাইছিল, যাকোবৰ সর্বশক্তিমান জনাৰ ওচৰত সঙ্কল্প কৰিছিল।
3তেওঁ কৈছিল, “মই নিজ গৃহত প্রৱেশ নকৰিম, নিজৰ শয্যাতো শয়ন নকৰিম,
4মই মোৰ চকুক নিদ্রা যাবলৈ নিদিম, চকুৰ পতাক তন্দ্রা-মগ্ন হ’বলৈ নিদিম,