91তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
92তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
93মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
94মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
95দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
96মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।
97ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
98তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
101মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
102মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
103তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
104তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
105তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।
106তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।
107হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
108হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
109মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
110দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
111তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
112চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
113দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
114তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
115হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
116তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
117মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
118তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
119পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
120তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
121মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।