Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 119

গীত 119:36-53

Help us?
Click on verse(s) to share them!
36তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
37অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
38তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।
39মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
40চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
41হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।
42তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।
43তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
44যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।
45মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
46তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
47তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
49তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
50দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
51অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
52হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।
53দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।

Read গীত 119গীত 119
Compare গীত 119:36-53গীত 119:36-53