Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গীত - গীত 119

গীত 119:159-170

Help us?
Click on verse(s) to share them!
159চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
160তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।
161অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
162মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
163মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
164তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
165যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।
166হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।
167মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতি প্ৰেম কৰোঁ।
168মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।
169হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।
170মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।

Read গীত 119গীত 119
Compare গীত 119:159-170গীত 119:159-170