119পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
120তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
121মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।
122তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।
123তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।