2বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
3তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল, সেই পুৰুষে কৈছে,
4যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে।