3বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।
4কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।
5শিল দলিয়াবৰ আৰু শিল গোটাবৰো সময় আছে। আঁকোৱালি লোৱাৰ সময় আৰু আঁকোৱালি ধৰাৰ পৰা আতৰি থকাৰ সময় আছে।
6বস্তু বিচাৰিবৰ সময় আছে, পুনৰ নিবিচৰাৰো এক সময় আছে। বস্তু ৰাখি থোৱা আৰু পেলাবৰো এক এক সময় আছে।
7কাপোৰ ফালিবৰ সময় আৰু চিলাই কৰাৰ সময় আছে; মনে মনে থকাৰ সময় আৰু কথা মৈদাম সময় আছে।
8ভালপোৱাৰ সময় আৰু ঘৃণা কৰাৰ সময় আছে; যুদ্ধ কৰাৰ এক সময় আছে আৰু শান্তি ৰক্ষা কৰাৰো সঠিক সময় আছে।
9শ্রমিকে তেওঁৰ পৰিশ্রমৰ কি ফল লাভ কৰে?
10ঈশ্বৰে মনুষ্যক সম্পূর্ণ কৰিবলৈ যি কাম দিছে,তাক মই দেখিলোঁ।
11নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই।
12মই জানিলোঁ যে, মানুহৰ বাবে জীৱন কালত আনন্দ আৰু সৎকৰ্ম কৰাৰ বাহিৰে ভাল একো নাই।
13ইও ঈশ্বৰৰ দান। প্ৰত্যেক মানুহে খোৱা-বোৱা কৰি সকলো কার্যতে সন্তুষ্ট হৈ থকা উচিত।
14মই জানো যে, ঈশ্বৰে যি যি কৰে, সেই সকলো চিৰকাল থাকে; তাক বঢ়াবও নোৱাৰি বা কমাবও নোৱাৰি; ঈশ্বৰে এনেদৰে কৰিলে যাতে মানুহে তেওঁক ভয় কৰে।