Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 2 বংশা - 2 বংশা 19

2 বংশা 19:5-11

Help us?
Click on verse(s) to share them!
5আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
6তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
7এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
8ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷
9তেওঁ তেখেতসকলক এই আজ্ঞা দিলে, বোলে, “তোমালোকে যিহোৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা:
10ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
11চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”

Read 2 বংশা 192 বংশা 19
Compare 2 বংশা 19:5-112 বংশা 19:5-11