22এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
23যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।
24কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
25কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
26এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে: চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
27আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
28এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ।
29কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
30কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে,
31তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল;