Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 6

হিতো 6:1-13

Help us?
Click on verse(s) to share them!
1হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
2তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
3হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
4তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
5হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
6হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।

Read হিতো 6হিতো 6
Compare হিতো 6:1-13হিতো 6:1-13