23যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27দুষ্ট লোকৰ বলিদান ঘৃণনীয়; তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
28মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
29দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
30যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।