Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 8

লেবীয়া 8:29-35

Help us?
Click on verse(s) to share them!
29পাছত তেওঁ আমঠুটো লৈ যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে; অভিষেকৰ মেৰৰ এই আমঠুটো মোচিৰ ভাগ হ’ল। যিহোৱাই দিয়া আজ্ঞাৰ দৰে মোচিয়ে এই সকলোকে কৰিলে।
30পাছত মোচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছু লৈ, হাৰোণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি, হাৰোণক আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁ পুত্ৰসকলক আৰু তেওঁলোকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে।
31সেয়ে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ক’লে, “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙহখিনি সিজাবা; আৰু ‘হাৰোণ ও তেওঁৰ পুত্ৰসকলে তাক ভোজন কৰিব লাগে’, এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহিত থকা পিঠা ভোজন কৰিবা।
32যিবোৰ বাকী থকা মাংস আৰু পিঠা ৰৈ যাব, সেইবোৰ জুইত পুৰি ভস্ম কৰিবা।
33আৰু তোমালোকে সাত দিনলৈকে, অৰ্থাৎ তোমালোকক নিযুক্ত কৰা দিন শেষ নোহোৱালৈকে, সাক্ষাৎ কৰা তম্বু দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা। কাৰণ তোমালোকক নিযুক্ত কৰোঁতে সাতদিন লাগিব।
34আজি যেনেকৈ কৰা গ’ল, তোমালোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তেনেকৈ কৰিবলৈ যিহোৱাই আজ্ঞা দিলে।
35এই হেতুকে তোমালোকে মৰা নপৰিবৰ বাবে, সাত দিনলৈকে দিনে ৰাতিয়ে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থাকি পাৰ্য্যমানে যিহোৱাৰ পালনীয়খিনি পালন কৰিবা, কিয়নো মই এনে আজ্ঞা পালোঁ।”

Read লেবীয়া 8লেবীয়া 8
Compare লেবীয়া 8:29-35লেবীয়া 8:29-35