14শস্য উৎসৰ্গ কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
15পাছত পুৰোহিতে ভক্ষ্য নৈবেদ্যৰ পৰা এমুঠি মিহি আটাগুড়ি আৰু সেই তেল লৈ নৈবেদ্যৰ ওপৰত থকা আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে বেদীত দগ্ধ কৰিব।
16ইয়াৰ অৱশিষ্ট ভাগ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভোজন কৰিব; খমীৰ নিদিয়াকৈ কোনো পবিত্ৰ ঠাইত সেই ভাগ ভোজন কৰিব।
17খমীৰেৰে সৈতে তাক তন্দুৰত তাও দিয়া নহ’ব। মই নিজ অগ্নিকৃত উপহাৰৰ পৰা তেওঁলোকৰ পাবলগীয়া ভাগ বুলি তাক দিলোঁ; পাপাৰ্থক বলি আৰু দোষাৰ্থক বলিৰ দৰে সেয়ে অতি পবিত্ৰ।
18হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”
19পাছত যিহোৱাই মোচিক পুনৰ ক’লে,
20“হাৰোণ অভিষিক্ত হোৱা দিনা তেওঁ আৰু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ উদ্দেশ্যে যি উপহাৰ উৎসৰ্গ কৰিব, সেয়ে এই; তেওঁলোকে নিত্য ভক্ষ্য নৈবেদ্যৰ অৰ্থে, ঐফাৰ দহভাগৰ এভাগ মিহি আটাগুড়ি লৈ ৰাতিপুৱা আধা আৰু গধূলি আধা উৎসৰ্গ কৰিব।
21তাক তেলেৰে তাৱাত যুগুত কৰিব লাগিব; সেয়ে ভাজা হ’লে তাক তুমি ভিতৰলৈ আনিবা; তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, সেই ভক্ষ্য নৈবেদ্যৰ সিজোৱা খণ্ডবোৰ উৎসৰ্গ কৰিবা।