Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 4

লেবীয়া 4:20-27

Help us?
Click on verse(s) to share them!
20তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
21তেওঁ সেই ষাঁড়-গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।
22যেতিয়া কোনো শাসনকৰ্ত্তাই নাজানি পাপ কৰে, নিজ ঈশ্বৰ যিহোৱাই নিষেধ কৰা কৰ্মবোৰৰ কোনো এটা কৰে, আৰু তেওঁ যদি দোষী হয়,
23পাছত নিজে কৰা সেই পাপৰ বিষয়ে তেওঁ যেতিয়া জ্ঞাত হ’ব, তেতিয়া তেওঁ নিজ উপহাৰ স্বৰূপে এটা নিৰ্ঘূণী মতা ছাগলী আনিব।
24তেওঁ সেই ছাগলীটোৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত যিহোৱাৰ সাক্ষাতে তাক কাটিব; সেয়ে পাপাৰ্থক বলি।
25তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ, হোমবেদীৰ শিঙত লগাব; আৰু অৱশিষ্ট তেজ খিনি হোমবেদিৰ মূলত ঢালি দিব।
26তেওঁ মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তা জনৰ পাপ-মোচনৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
27আৰু সাধাৰণ লোকসকলৰ মাজৰ যদি কোনোৱে নজনাকৈ পাপ কৰে; যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰে, আৰু সেই পাপত যদি তেওঁ দোষী হয়,

Read লেবীয়া 4লেবীয়া 4
Compare লেবীয়া 4:20-27লেবীয়া 4:20-27