38আৰু তোমালোক জাতি সমূহৰ মাজত বিনাশ হ’বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব।
39আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব।
40কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
41মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,
42তেন্তে যাকোবেৰে সৈতে কৰা মোৰ নিয়মটি মই সোঁৱৰিম আৰু ইচহাকেৰে সৈতে কৰা মোৰ নিয়মটিও, অব্ৰাহামেৰে সৈতে কৰা মোৰ নিয়মটিও সুঁৱৰিম; আৰু মই দেশকো সোঁৱৰণ কৰিম।
43দেশ তেওঁলোকৰ দ্বাৰাই পৰিত্যক্ত হ’ব, আৰু তেওঁলোক নথকাকৈ দেশ উচ্ছন্ন হৈ থকা মানে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; আৰু তেওঁলোকে নিজ নিজ অপৰাধ দণ্ড যোগ্য যেন মানিব; কিয়নো তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে।
44তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটি ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম; কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।
45কিন্তু মই তেওঁলোকৰ ঈশ্বৰ হ’বৰ অৰ্থে তেওঁলোকৰ যি পুৰ্ব্বপুৰুষসকলক জাতি সমূহৰ আগতে মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, তেওঁলোকৰ সেই পুৰ্ব্বপুৰুষসকলৰে সৈতে কৰা মোৰ নিয়মটি তেওঁলোকৰ মঙ্গলৰ অৰ্থে সোঁৱৰিম; মই যিহোৱা।”
46চীনয় পৰ্ব্বতত যিহোৱাই মোচিৰ দ্বাৰাই নিজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজত এইবোৰ বিধি, শাসন-প্ৰণালী আৰু ব্যৱস্থা স্থাপন কৰিলে।