11কিন্তু যদি পুৰোহিতে ধন দি কোনো লোকক কিনি লয়, তেন্তে তেওঁ যিহোৱাৰ বাবে ৰখা অংশৰ পৰা ভোজন কৰিব পাৰিব; আৰু তেওঁৰ ঘৰৰ উপজা লোকসকল আৰু চাকৰসকলেও তেওঁৰ সৈতে আহাৰ খাব পাৰিব।
12পুৰোহিতৰ জীয়েক যদি আন বংশৰ লোকৰ সৈতে বিয়া হয়, তেন্তে উপহাৰ স্বৰূপে দিয়া পবিত্ৰ বস্তু তাই ভোজন কৰিব নোৱাৰিব।
13কিন্তু পুৰোহিতৰ জীয়েক যদি বিধৱা বা স্বামীয়ে ত্যাগ কৰা হয় আৰু তাইৰ যদি সন্তান নাথাকে আৰু নিজ পিতৃৰ ঘৰলৈ আহি, জীয়াৰীকালৰ দৰে থাকে, তেন্তে তাই পিতৃৰ আহাৰ খাব পাৰে। কিন্তু পুৰোহিত বংশৰ নোহোৱা লোকে সেই পুৰোহিতৰ আহাৰ ভোজন নকৰিব।
14যদি কোনোৱে অজানিতে পবিত্ৰ বস্তু খায়, তেন্তে তেওঁ পুৰোহিতক তাৰ ক্ষতিপূৰণ কৰিব আৰু তাৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব।
15এইদৰে ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুবোৰ পুৰোহিতসকলে অপবিত্ৰ নকৰিব,
16ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”