3হাৰোণে এইদৰে পবিত্ৰ স্থানত সোমাব লাগিব। তেওঁ পাপাৰ্থক বলিৰ বাবে এটা দমৰা গৰু আৰু হোমৰ অৰ্থে এটা মতা মেৰ লগত ল’ব।
4তেওঁ শণ সুতাৰ পবিত্ৰ বস্ত্ৰখন গাত লব, শণৰ জাঙিয়াটো পিন্ধিব, শণৰ টঙালি গছ কঁকালত বান্ধিব আৰু পাগটো পিন্ধিব। এইবোৰ পবিত্ৰ বস্ত্ৰ; তেওঁ পানীত গা ধুই, এইবোৰ পিন্ধিব।
5পাছত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সমাজৰ পৰা পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ দুটা ছাগলী আৰু হোমৰ অৰ্থে এটা মতা মেৰ ল’ব।
6আৰু হাৰোণে পাপাৰ্থক বলিৰ বাবে দমৰা গৰুটো আনি, নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব।
7তেতিয়া তেওঁ নিশ্চয়কৈ ছাগলী দুটা ল’ব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত যিহোৱাৰ আগত উপস্থিত হ’ব।
8তেতিয়া হাৰোণে সেই দুটা ছাগলীৰ বিষয়ে চিঠি খেলিব; এটা গুটি যিহোৱাৰ বাবে, আনটো অজাজেলৰ বাবে হ’ব।
9তেতিয়া যি ছাগলী যিহোৱাৰ নামত উঠিব, হাৰোণে সেই ছাগলীটো লৈ পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
10কিন্তু যি ছাগলীৰ অৰ্থে অজাজেলৰ নামত গুটি উঠিব, তাক অজাজেললৈ অৰ্থাৎ ভিতৰলৈ পঠিয়াবৰ কাৰণে, তাৰ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সন্মূখত তাক জীয়াই উপস্থিত কৰিব লাগিব।
11তেতিয়া হাৰোণে নিজৰ বাবে লোৱা পাপাৰ্থক বলিৰ দমৰা গৰুটো আনি নিজক আৰু নিজ বংশক প্ৰায়শ্চিত্ত কৰিব। তেওঁ নিজৰ বাবে লোৱা সেই পাপাৰ্থক বলিৰ বাবে অনা দমৰা গৰুটো কাটিব।
12হাৰোনে যিহোৱাৰ সন্মুখত থকা বেদীৰ ওপৰৰ পৰা জ্বলা আঙঠাৰে এটা আঙঠা-ধৰাত ভৰাই ল’ব আৰু মিহিকৈ গুড়ি কৰা দুমুঠি সুগন্ধি ধূপ লৈ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনিব।
13আৰু তেওঁ নমৰিবলৈ সাক্ষ্য ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণক যেন ধূপৰ ধোঁৱাই ঢাকে, এই কাৰণে সেই সুগন্ধি ধূপ যিহোৱাৰ সন্মূখত থকা জুইত দিব।