40ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে।
41কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”
42তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে।
43যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে;
44আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
45তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে;
46আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷