Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 1

লূক 1:12-52

Help us?
Click on verse(s) to share them!
12স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
13কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
14তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।
15কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
16ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।
17তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
18তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”
19তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
20চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”
21আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।
22পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।
23ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল।
24কিছুদিনৰ পাছত তেওঁৰ ভার্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ ক’লে
25“এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে।”
26এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।
27এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল।
28তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
29কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!”
30স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
31চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
32তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
33যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।”
34তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”
35তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
36আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।
37কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
38মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।
39তেতিয়া মৰিয়মে উঠি বেগাবেগিকৈ যিহুদীয়াৰ পার্বত্য অঞ্চলৰ এখন নগৰলৈ গ’ল
40তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলীচাবেতক অভিবাদন জনালে।
41তাতে মৰিয়মৰ সেই মঙ্গলবাদ শুনা মাত্রেই, এলীচাবেতৰ গর্ভৰ শিশুটি নাচি উঠিল; আৰু এলীচাবেত পবিত্ৰ আত্মাৰে পূর্ণ হ’ল।
42তাৰ পাছত এলীচাবেতে বৰ ডাঙৰ মাতেৰে কবলৈ ধৰিলে, “তিৰোতা সকলৰ মাজত তুমি ধন্যা; আৰু তোমাৰ গর্ভফলো ধন্য।
43মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল?
44কিয়নো তোমাৰ মঙ্গলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে, মোৰ গর্ভৰ শিশুটি উল্লাসত নাচি উঠিল।
45তুমি ধন্যা; কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল, সেই সকলো সিদ্ধ হব বুলি তুমি বিশ্বাস কৰিলা।”
46তেতিয়া মৰিয়মে ক’লে, “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে,
47মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।
48কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।
49কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ।
50যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
51তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কর্ম কৰিলে। নিজ নিজ অন্তৰত অহংকাৰ কৰা সকলক তেওঁ ছিন্ন-ভিন্ন কৰিলে।
52তেওঁ শাসক সকলক সিংহাসনৰ পৰা নমাই দিলে, কিন্তু নীহ লোকক তুলি ধৰিলে।

Read লূক 1লূক 1
Compare লূক 1:12-52লূক 1:12-52