Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 18

লূক 18:8-14

Help us?
Click on verse(s) to share them!
8মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
9ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
10“দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।
11ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী,নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
12মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।
13কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
14মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”

Read লূক 18লূক 18
Compare লূক 18:8-14লূক 18:8-14