8কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত,এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।
9মই তোমালোকক পুনৰ কওঁ, খোজাতেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।
10কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।
11তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?
12নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?