7তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’
8কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত,এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।
9মই তোমালোকক পুনৰ কওঁ, খোজাতেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।
10কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।
11তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?
12নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?
13এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”