20ৰব্বীৎ কিচিয়োন, এবচ,
21ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
22তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
23এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
24পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
25তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্চফ,
26অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্নাতলৈ বিস্তৃত্ব হ’ল।
27পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
28পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
29পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
30উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
31এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
32ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
33তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
34আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
36অদামা, ৰামা, হাচোৰ,
37কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38আৰু তাত যিৰোণ, মিগ্দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
42চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
43আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
44ইল্টকি, গিব্বথোন, বালাৎ,
45যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
46মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
47কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
48এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
49যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
50ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।