8তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
9তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
10তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
11নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
12তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
13তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
14বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।