Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যাত্ৰা - যাত্ৰা 12

যাত্ৰা 12:3-8

Help us?
Click on verse(s) to share them!
3তোমালোক সমবেত হোৱা আৰু ইস্ৰায়েলী লোকসকলক কোৱা, ‘এই মাহৰ দশম দিনা তেওঁলোক প্রত্যেকে নিজৰ বাবে এটাকৈ মেৰ-ছাগ পোৱালি বা ছাগলী পোৱালি ল’ব। প্রত্যেক পৰিয়ালে এইদৰে পৰিয়ালবৰ্গৰ বাবে এটা মেৰ-ছাগ পোৱালি ল’ব।
4সেই মেৰ-ছাগ পোৱালি ভোজন কৰিবলৈ যদি পৰিয়ালৰ মানুহ তাকৰ হয়, তেনেহলে তেওঁ আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ সদস্যৰ সংখ্যা অনুসাৰে এটা মেৰ-ছাগ পোৱালি বা ছাগলীৰ মাংস প্রত্যেক মানুহলৈ জোৰাকৈ লওক। প্রত্যেক মানুহে খাব পৰা শক্তি অনুসাৰে সেই মাংস যাতে হয়।
5তোমালোকৰ সেই মেৰ-ছাগ বা ছাগলী পোৱালি এবছৰীয়া আৰু নিৰ্ঘূণী মতা পোৱালি হ’ব লাগিব। তোমালোকে তাক মেৰ-ছাগ বা ছাগলীবোৰৰ জাকৰ মাজৰ পৰা ল’বা।
6তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
7তোমালোকে তাৰ কিছু তেজ লৈ, যি ঘৰবোৰত মাংস ভোজন কৰা হ’ব, সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত, আৰু ওপৰতো লগাবা।
8সেই ৰাতিয়েই তোমালোকে প্রথমে জুইত খৰিকাত দি সেই মাংস খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে সৈতে ভোজন কৰিবা।

Read যাত্ৰা 12যাত্ৰা 12
Compare যাত্ৰা 12:3-8যাত্ৰা 12:3-8