Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - মাৰ্ক - মাৰ্ক 9

মাৰ্ক 9:6-10

Help us?
Click on verse(s) to share them!
6কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
7তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”।
8পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
9পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”।
10তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।

Read মাৰ্ক 9মাৰ্ক 9
Compare মাৰ্ক 9:6-10মাৰ্ক 9:6-10