Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 20

বিচাৰ 20:36-39

Help us?
Click on verse(s) to share them!
36এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলো বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।
37পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে।
38সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।
39এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।”

Read বিচাৰ 20বিচাৰ 20
Compare বিচাৰ 20:36-39বিচাৰ 20:36-39