Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 1

বিচাৰ 1:3-12

Help us?
Click on verse(s) to share them!
3এই কথা শুনাৰ পাছত যিহূদা বংশৰ লোক সকলে গৈ চিমিয়োন ফৈদৰ তেওঁলোকৰ ভাইসকলক ক’লে, “যি ঠাই আমাৰ ভাগত পৰিছে, সেই অঞ্চলত থকা কনানীয়াসকলৰ অহিতে যুদ্ধ কৰিবৰ বাবে তোমালোকো আমাৰ সৈতে আহাঁ, তেতিয়া আমি একেলগে মিলি যুদ্ধ কৰিব পাৰিম আৰু পাছত সেইদৰে আমিও তোমালোকৰ অঞ্চল দখল কৰিবৰ বাবে তোমালোকৰ লগত যুদ্ধলৈ যাম।” তেতিয়া চিমিয়োন ফৈদৰ লোকসকল তেওঁলোকৰ লগত গ’ল।
4যিহূদা বংশৰ লোকসকল ওপৰলৈ উঠি গৈ আক্রমণ কৰাত যিহোৱাই কনানীয়া আৰু পৰিজ্জীয়াসকলৰ ওপৰত তেওঁলোকক জয়ী কৰিলে। তেওঁলোকৰ দহ হাজাৰ সৈন্যক তেওঁলোকে বেজক অঞ্চলত বধ কৰিলে।
5বেজকত তেওঁলোকে অদুনী বেজকক দেখা পাই তেওঁৰ সৈতে যুদ্ধ কৰিলে আৰু কনানীয়া ও পৰিজ্জীয়াসকলক পৰাস্ত কৰিলে।
6কিন্তু অদুনী-বেজক যেতিয়া পলাই গৈছিল, তেতিয়া তেওঁলোকে পাছে পাছে খেদি গৈ তেওঁক ধৰি তেওঁৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলালে।
7তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।
8যিহূদা বংশৰ লোকসকলে যিৰূচালেম আক্রমণ কৰি, সেই ঠাই অধিকাৰ কৰিলে। তেওঁলোকে তৰোৱালেৰে সকলোকে বধ কৰি নগৰখনত জুই লগাই দিলে।
9তাৰ পাছত তেওঁলোকে পাহাৰীয়া এলেকা, নেগেভ আৰু পশ্চিমৰ নিম্নভূমিত বাস কৰা কনানীয়াসকলৰে সৈতে যুদ্ধ কৰিবলৈ নামি গ’ল।
10তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
11তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
12কালেবে কৈছিল, “যি জনে কিৰিয়ৎ-চেফৰক আক্ৰমণ কৰি অধিকাৰ কৰিব, মই মোৰ জী অকচাক তেওঁৰে সৈতে বিয়া দিম।”

Read বিচাৰ 1বিচাৰ 1
Compare বিচাৰ 1:3-12বিচাৰ 1:3-12