17তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।
18যেতিয়া তেওঁলোকে মীখাৰ ঘৰত সোমাই কটা মুৰ্ত্তিটো, এফোদখন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে, তেতিয়া সেই পুৰোহিতে তেওঁলোকক ক’লে, “তোমালোকে কি কৰিছা?”
19তেতিয়া তেওঁলোকে তেওঁক ক’লে, “মনে মনে থাকা! মুখত হাত দি আমাৰ লগত ব’লা, আমাৰ পিতৃ আৰু পুৰোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুৰোহিত হোৱা তোমাৰ ভাল নে, নাইবা ইস্ৰায়েলৰ এক ফৈদ আৰু এক ফৈদৰ পুৰোহিত হোৱা ভাল?”
20তেতিয়া পুৰোহিতৰ মন আনন্দত পৰিপূর্ণ হৈ উঠিল আৰু তেওঁ এফোদ এখন, গৃহ-দেৱতাকেইটা আৰু কটা মুৰ্ত্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ’ল।
21তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল’ৰা-ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল’লে।
22যেতিয়া তেওঁলোকে মীখাৰ ঘৰৰ পৰা কিছু আঁতৰ হৈ গ’ল, মীখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তান সকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ’ল আৰু দানৰ সন্তান সকলক মাতিবলৈ ধৰিলে।
23তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?
24তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
25তেতিয়া দানৰ সন্তান সকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”
26পাছত দানৰ পৰিয়ালৰ সন্তান সকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।
27এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।
28সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।
29আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।
30পাছত দানৰ সন্তান সকলে নিজৰ বাবে সেই কটা মুৰ্ত্তি স্থাপন কৰিলে; তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মোচিৰ নাতিয়েক গেৰ্চোমৰ পুত্ৰ যোনাথন আৰু তাৰ সন্তান সকল দান ফৈদৰ পুৰোহিত হ’ল।
31যেতিয়ালৈকে চীলোত ঈশ্বৰৰ গৃহ আছিল, তেতিয়ালৈকে তেওঁলোকে আপোনালোকৰ কাৰণে, মীখাই নিৰ্ম্মাণ কৰা সেই কটা-মুৰ্ত্তি স্থাপন কৰি ৰাখিলে।