Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 13

বিচাৰ 13:5-10

Help us?
Click on verse(s) to share them!
5কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।”
6তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
7কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।
8তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”
9তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল।
10পাছত সেই মহিলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুনৰ মোক দৰ্শন দিছে।”

Read বিচাৰ 13বিচাৰ 13
Compare বিচাৰ 13:5-10বিচাৰ 13:5-10