Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পৰম - পৰম 2

পৰম 2:4-16

Help us?
Click on verse(s) to share them!
4তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান।
5কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।
6মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
7হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
8সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে।
9মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে,
10মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
11চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।
12ভূমিত ফুলবোৰ ফুলি উঠিছে; পক্ষীবোৰে গান গোৱাৰ সময় আহিছে; আমাৰ দেশত কপৌৰ মাত শুনা গৈছে।
13ডিমৰু গছৰ কেঁচা গুটি পকিবলৈ ধৰিছে, দ্ৰাক্ষালতাই ফুল ধৰি সুঘ্ৰাণ বিতৰণ কৰিছে। হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
14হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।”
15ৰমণীসকলৰ প্রতি উক্তি: তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।
16প্রিয়াৰ কথা: মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।

Read পৰম 2পৰম 2
Compare পৰম 2:4-16পৰম 2:4-16