4কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে।
5ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে।
6তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে।
7কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল।
8তাতে সেই নগৰত মহা আনন্দ হ’ল।