Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 4

পাঁচনি 4:3-12

Help us?
Click on verse(s) to share them!
3তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
4কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
5পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
6তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
7তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”
8তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
9আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
10সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
11যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
12তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”

Read পাঁচনি 4পাঁচনি 4
Compare পাঁচনি 4:3-12পাঁচনি 4:3-12