Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 17

গননা 17:8-12

Help us?
Click on verse(s) to share them!
8আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল।
9তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে।
10পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।
11তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
12পাছে ইস্ৰায়েলৰ সন্তান সকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।

Read গননা 17গননা 17
Compare গননা 17:8-12গননা 17:8-12