Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 7

উপ 7:10-29

Help us?
Click on verse(s) to share them!
10বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।
11পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
12কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে, জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
13ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা; কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক কোনে পোনাব পাৰে?
14সুখৰ দিনত সুখী হোৱা; কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা: ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।
15মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।
16নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বা নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় তুমি নিজকে ধ্বংস কৰিবা?
17অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা; কিয় তুমি সময়ৰ আগেয়ে মৰিবা?
18এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।
19দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
20পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।
21মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।
22কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।
23এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ, “মই জ্ঞানৱান হ’ম,” কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।
24প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?
25সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে, তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ, লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।
26মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ। যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁ তাইৰ হাতৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।
27উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।
28মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।
29কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।

Read উপ 7উপ 7
Compare উপ 7:10-29উপ 7:10-29