Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 5

উপ 5:3-15

Help us?
Click on verse(s) to share them!
3অধিক কাৰ্যৰ ভাৱ-চিন্তা থাকিলে মানুহে যেনেকৈ সপোন দেখে, তেনেকৈ আৰু অধিককৈ কথা ক’লে অজ্ঞানতা প্রকাশ পায়।
4ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞানসকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা।
5সেয়ে সংকল্প কৰি সিদ্ধ নকৰাতকৈ সংকল্প নকৰাই ভাল।
6তোমাৰ মুখে যেন তোমাৰ শৰীৰক পাপৰ পথলৈ লৈ নাযায়; “মোৰ সংকল্প কৰা ভুল হ’ল” এই কথা প্রার্থনা গৃহৰ পুৰোহিতৰ আগত নকবা; মিছা সংকল্পৰে তোমাৰ কথাৰ কাৰণে তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় ক্ৰোধিত কৰা?
7কিয়নো অধিক সপোন আৰু অধিক কথাৰ সৈতে অসাৰতা আহে; কিন্তু তুমি ঈশ্বৰক ভয় কৰিবা।
8তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।
9কিন্তু ভূমিত উৎপাদন কৰিবলৈ এজন ৰজা থাকিলে এখন দেশৰ বাবে সকলোপ্রকাৰে এক লাভ হয়।
10যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
11ধন-সম্পত্তি বাঢ়িলে খাওঁতাও বাঢ়ে; এতেকে তাক চকুৰে দেখাৰ বাহিৰে সেই সম্পত্তিত গৰাকীৰ কি লাভ?
12যি জনে পৰিশ্রম কৰে, তেওঁ কম খাওঁক বা বেচি খাওঁক, তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে।
13সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ: ঐশ্বর্যৰ গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে।
14দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
15মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।

Read উপ 5উপ 5
Compare উপ 5:3-15উপ 5:3-15