6তেওঁ স্তম্ভ থকা পঞ্চাশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে চালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল।
7আৰু যি গৃহত চলোমনে বিচাৰ কৰিব, নিজৰ এনে সিংহাসনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল।
8সেই গৃহৰ পাছফালে থকা আন এখন চোতালত, নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। চলোমনে পত্নীৰূপে লোৱা ফৰৌণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল।
9এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমুলীয়া শিলেৰে অলংকৃত কৰি নিৰ্ম্মাণ কৰিছিল৷ এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতাল খনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল৷
10গৃহৰ ভেটিতো আঠ হাত আৰু দহ হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল৷
11তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটা-শিল আৰু এৰচ কাঠ আছিল।
12ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
13পাছত চলোমন ৰজাই মানুহ পঠিয়াই তূৰৰ পৰা হীৰমক অনালে।
14হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷
15তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷
16তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷
17স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।
18তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷
19বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
20স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশ টা নিৰ্মিত ডালিমৰ শাৰী আছিল।
21পাছত তেওঁ সেই স্তম্ভ দুটা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল৷ তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম যাখীন হ’ল আৰু বাঁওফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে।
22এই স্তম্ভ দুটাৰ মূৰ লিলি ফুলৰ আকৃতিত সজোৱা আছিল৷ এই দৰে স্তম্ভৰ সজোৱা কাৰ্য সমাপ্ত হৈছিল।
23পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷
24সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত দহোটা দহোটাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটো ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
25সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।
26সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।
27হীৰমে পিতলৰ দহোটা আধাৰ নিৰ্মাণ কৰিলে; প্ৰত্যেক আধাৰ দীঘে চাৰি হাত, বহলে চাৰি হাত আৰু উচ্চতাত তিনি হাত।
28সেই আধাৰবোৰ এইদৰে সজা হ’ল৷ সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই বাৰৰ মাজে মাজে আছিল,
29সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷
30প্ৰত্যেক আধাৰত চাৰিটাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল; তাৰ চাৰিটা খুৰাৰ তলত প্ৰক্ষালন-পাত্ৰ-ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সঁচা আছিল।