Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - 1 ৰাজা - 1 ৰাজা 15

1 ৰাজা 15:26-31

Help us?
Click on verse(s) to share them!
26তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
27পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
28যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
29তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
30যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
31নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?

Read 1 ৰাজা 151 ৰাজা 15
Compare 1 ৰাজা 15:26-311 ৰাজা 15:26-31