4প্রজ্ঞাক কোৱা, “তুমি মোৰ ভনী,” আৰু সুবিবেচনাক কোৱা তুমি মোৰ আত্মীয়।
5প্রলোভনকাৰী, আৰু মুখৰ বাক্যেৰে ব্যভিচাৰ কৰা মহিলাৰ পৰা নিজকে ৰক্ষা কৰা।
6মোৰ ঘৰৰ খিড়িকিৰ ওচৰত থিয় হৈ, মই জালিৰে বাহিৰলৈ চাইছিলোঁ।
7আৰু মই বহুতো শিক্ষা নোপোৱা যুৱকসকলক দেখিছিলোঁ, যুৱক সকলৰ মাজত মই এজন জ্ঞানশূন্য যুৱকক দেখিছিলোঁ।
8সেই যুৱকজনে তাইৰ ঘৰৰ ওচৰৰ বাটেৰে গৈ আছিল, আৰু তেওঁৰ ঘৰলৈ গ’ল-
9সেই দিনা সন্ধিয়া চকামকা সময় আছিল, ৰাতি আৰু আন্ধাৰৰ সেই সময়ত।
10আৰু সেই ঠাইত এগৰাকী মহিলাই তেওঁক ল’গ পালে, বেশ্যাৰ দৰে তাইৰ পোচাক, আৰু তাই জানিছিল তাই তাত কিয় আছিল।
11তাই কোলাহলপূৰ্ণ আৰু উচ্ছৃঙ্খল, তাইৰ ভৰি ঘৰত নাথাকে।
12তাই কেতিয়াবা বাটত, কেতিয়াবা বজাৰত উপস্থিত হয়, তাই প্রতিটো চকতে বাট চাই থাকে।
13সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
14“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;