Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 21

হিতো 21:3-9

Help us?
Click on verse(s) to share them!
3যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা; বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।
4অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়; দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।
5পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
6মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,
7দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব; কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়।
8অপৰাধীৰ পথ কুটিল হয়, কিন্তু যি জন শুদ্ধ, তেওঁ সৎ কাৰ্য কৰে।
9দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।

Read হিতো 21হিতো 21
Compare হিতো 21:3-9হিতো 21:3-9