28মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব; কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
29দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই; কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
30যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা, বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
31যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।