8কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
9আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
10তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
11আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
12সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।